Profile cover photo
Profile photo
জীৱনবৃত্ত
আপোনাৰ জীৱন আপোনাৰ হাতত
আপোনাৰ জীৱন আপোনাৰ হাতত
About
Posts

Post has attachment
Add a comment...

Post has attachment
বিপদজনক কিবা এটা কৰাৰ লাভ

ওলাই গৈ কিবা এটা বিপদজনক কৰিলে ই কেৱল আপোনাৰ সুপ্ত প্ৰতিভাকে জাগৃত নকৰে, ই আপোনাক নতুন কৌশল শিকাতো সহায় কৰে, যিবোৰে জীৱনত আৰু উন্নতি কৰাত আপোনাক সহায় কৰিব পাৰে।

http://goo.gl/UhUyV7 
Add a comment...

Post has attachment
বিপৰ্যয়ক আপোনাক বাধা দিবলৈ নিদিব

জীৱনত বিভিন্ন ধৰণৰ বিপৰ্যয় সংঘটিত হ’ব পাৰে। আপুনি কোনোবা এটা প্ৰজেক্টত কাম কৰি আাছিল  কিন্তু তাৰ ফলাফল আপুনি বিচৰা ধৰণে নহ’ল।আপুনি বহুদিনৰ পৰা চিগাৰেট এৰাৰ চেষ্টা কৰি আছিল আৰু বহুদিন নোখোৱাকৈও আছিল, কিন্তু হঠাতে এদিন ষ্ট্ৰেছ ইমান বেছি হ’ল যে আপুনি চিগাৰেট এটা খাই তাক দূৰ কৰাৰ চেষ্টা কৰিলে। আপোনাৰ চাকৰিৰ ইন্টাৰভিউটো খুব ভাল হৈছিল, কিন্তু চাকৰিটো আপুনি নাপালে। এনে সৰু-ডাঙৰ বিপৰ্যয় আপোনাৰ জীৱনত থাকিবই। কিন্তু তেনে বিপৰ্যয়ক আপুনি বিচৰা বস্তুটো পোৱাত বাধা দিবলৈ নিদিব।

http://goo.gl/rCI3rC
Add a comment...

Post has attachment
বহি থকা হ’ল নতুন ধূম্ৰপান

আপুনি নিজে ল’ব লাগিব নিজৰ শৰীৰৰ যতন আৰু তাকে কৰিবলৈ হ’লে স্বাস্থ্যৰ বাবে অপকাৰী অভ্যাসবোৰ বাদ দিব লাগিব। ধূম্ৰপান বা চিগাৰেট হোপাটো তেনে এক অভ্যাস। চিগাৰেট খালে নানা ধৰণৰ সমস্যাই দেখা দিয়ে আৰু সেইকাৰণে আপুনি কেতিয়াও চিগাৰেট খাব নালাগে, আনকি “টেষ্ট” কৰিও চাব নালাগে। চিগাৰেট খোৱা মানুহে, আনকি “চেইন স্ম’কাৰ” সকলেও চিগাৰেট এৰাৰ চেষ্টা কৰে। নানা ধৰণৰ সজাগতা অনুষ্ঠান, শিবিৰ আদি আয়োজন কৰি চিগাৰেট সেৱন কমোৱাৰ চেষ্টাও কৰি থকা হয়। এইবিলাক সকলো খুব ভাল কথা।

http://goo.gl/K9hoHa 
Add a comment...

Post has attachment
তালিকা পৰা কামবোৰ কাটি যোৱা

যেতিয়া আপোনাৰ কোনো এখন তালিকা বা লিষ্টৰ পৰা আপুনি কামবোৰ কাটি যাব পাৰে, আপোনাৰ মনটো ভাল লাগে। যদি আপোনাৰ কৰিবলগীয়া কামৰ এখন তালিকা আছে, তেন্তে তাৰ পৰা কৰিবলগীয়া কামবোৰ কৰাৰ পিছত কামবোৰ কাটি যাব পাৰিলে আপোনাৰ মনটো ভাল লাগে। এটাৰ পিছত এটাকৈ এনে কামবোৰ কাটি যাব পাৰিলে আপুনি আনন্দিত হয়।

http://goo.gl/79s3Mn 
Add a comment...

Post has attachment
ধনাত্মক কথাৰ পুনঃৰোক্তি

ধনাত্মক কথাৰ পুনঃৰোক্তি মানে হ’ল নিজে বাৰে বাৰে আপুনি নিজৰ জীৱনত বিচৰা ধনাত্মক কথাবোৰ নিজকে কৈ থকাতো। বাৰে বাৰে কৈ থকাৰ ফলত এনে ধনাত্মক কথাবোৰ আাপোনাৰ মনত ৰৈ যায়। আাপোনাৰ অৱচেতন (subconscious) মনত এই কথাবোৰে ক্ৰিয়া কৰি আপোনাৰ মনটো শক্তিশালী কৰি তোলে। আাপোনাৰ অন্তঃমনৰ চিন্তাবোৰ সলনি কৰি এইবোৰক ধনাত্মক চিন্তাৰে পৰিপূৰ্ণ কৰি তোলে।

http://goo.gl/KphwaC
Add a comment...

Post has attachment
আজিৰ দিনটো কাৰোবাক সুখী কৰক

আপুনি যেতিয়া আন কাৰোবাক সুখী কৰে, তেতিয়া আপুনিও সুখী হয়। যিমানে আন মানুহক আপুনি সুখী কৰিব, সিমানে আপুনি নিজেও সুখী হ’ব। সেইবাবে যেতিয়া আপুনি নিজে সুখী হ’বলৈ মন কৰে, তেতিয়া আন কোনোবা এজনক আপুনি সুখী কৰি নোতোলে নো কিয়? অন্য কাৰোবাক সুখী কৰিবলৈ আপোনাক বহুত সময়ৰ প্ৰয়োজন নহয়। সৰু সৰু কামৰ দ্বাৰা, কম চেষ্টাতে আন এজনক সুখী কৰিব পৰা যায়। আৰু তাৰ বদলি ই আপোনালৈ লৈ আহিব অফুৰন্ত সুখ আৰু শান্তি।

http://goo.gl/WMq0HM 
Add a comment...
Wait while more posts are being loaded