Profile cover photo
Profile photo
asom sangbad
6 followers -
A 24X7 NEWS Portal Published from Guwahati
A 24X7 NEWS Portal Published from Guwahati

6 followers
About
Posts

Post has attachment
হাওৰাঘাটৰ পৰা গীতাৰ্থ ৰূপক,অসম সংবাদ: কাৰ্বি আংলং, অসমৰ এখন সমৃদ্ধিশালী পাহাৰীয়া জিলা। ২৫ ০ (ডিগ্ৰী) ৩০’ উত্তৰ আৰু ২৬ ০ ৪১’ উত্তৰ অক্ষৰেখা, ৯২ ০ ৭’ পূৱ আৰু ৯৩ ০ ৫২’ পূৱ দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত এই জিলাখনৰ মাটিকালি ১০৩৮৩ বৰ্গ কিলোমিটাৰ। তাৰে মুঠ বনাঞ্চলৰ পৰিমাণ প্ৰায় ৪৯২২ বৰ্গ কিলোমিটাৰ। ওখ-চাপৰ শিলাময় পাহাৰেৰে পৰিৱেষ্টিত এই পাহাৰীয়া জিলাখনৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। জিলাখনৰ বিস্তৃত অৰণ্যৰাজীৰ আঁৰে-আঁৰে লুকাই আছে অসংখ্য নয়নাভিৰাম প্ৰাকৃতিক দৃশ্য। নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ পাৰ্বত্য জিলাখন সচাঁকৈয়ে পৰ্যটনৰ এক অমূল্য আঁকৰ বুলি ক’ব পাৰি। “প্ৰাচ্যৰ নিউজিলেণ্ড”- খ্যাত কাৰ্বি পাহাৰৰ সুন্দৰ জান-জুৰি আৰু জলপ্ৰপাতবোৰে সততে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে। আজি আমি আপোনালোকৰ আগত দাঙি ধৰিব খুজিছো জিলাখনৰ তেনে এক সৌন্দৰ্যৰ আঁকৰ “বৰডিখাৰু” জলপ্ৰপাতৰ বিষয়ে। জিলাখনৰ আটাইতকৈ সুন্দৰ আৰু আকৰ্ষণীয় এই জলপ্ৰপাতটিৰ নাম স্থানীয় কাৰ্বি ভাষাত কোৱা হয় – “ডিক্ৰতপী লাংছুন”। ইয়াৰ অৰ্থ- “ডিক্ৰতপী” অৰ্থাৎ “বৰডিখাৰু” আৰু লাংছুন অৰ্থাৎ জলপ্ৰপাত। কিন্তু লোক সমাজত ই “ভেলৌঘাট” নামেৰেহে অধিক জনাজাত। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ডকমকাৰ পৰা উত্তৰ দিশত ২০ কিলোমিটাৰ ভিতৰলৈ সোমাই গ’লেই শুনা যায় কুলুকুলুকৈ বৈ অহা পানীৰ শব্দ। চৌপাশে ডাঠ সেউজীয়াই পৰিপূৰ্ণ সু-উচ্চ পাহাৰৰ প্ৰায় ২৫০-৩০০ ফুট উচ্চতাৰ পৰা হুৰ-হুৰাই নামি অহা জলধাৰাই যি এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে সেইয়া বৰ্ণনাতীত। মুঠতেঃ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এক অনুপম পৰিৱেশ।
পানীৰ জিৰ-জিৰ শব্দ আৰু পক্ষীৰ কল-কাকলিৰ মাজত ইয়াৰ শান্ত সমাহিত পৰিৱেশ সকলোকে চুই যায় আৰু লৈ যায় এক অজান সাধু কথাৰ দেশলৈ। একঘেয়ামী জীৱনৰ পৰা আতৰি কিছু সময় প্ৰকৃতিৰ কোলাত নিজকে বিলীন কৰি পৰিৱেশ আৰু প্ৰকৃতিৰ স’তে একাত্ম হোৱাৰ এক অনন্য স্থান এই “বৰডিখাৰু”। এই জলপ্ৰপাতৰ পৰাই সৃষ্টি হৈছে “ডিখাৰু” নদীৰ। কিন্তু এই মনোমোহা ঠাইডোখৰ আজিও লোকচক্ষুৰ পৰা বহুযোজন আঁতৰত আছে। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে যদিও এইক্ষেত্ৰত বিভাগীয়ভাৱে বিশেষ একো কৰা পৰিলক্ষিত নহ’ল ফলত এতিয়াও বহিঃৰাজ্যৰ কিম্বা বিদেশী পৰ্যটকৰ আগত অচিন হৈ আছে “বৰদিখাৰু”।
Photo
Add a comment...

ৱেব পৰ্টেল অসম সংবাদৰ ’সাহিত্য শিতানৰ’ বাবে মানদণ্ডসম্পন্ন তথা মননশীল প্ৰবন্ধ, চুটিগল্প,কবিতা তথা ভিন্নধৰ্মী বিশেষ লেখা বিচৰা হৈছে৷ লেখা সমূহ চুটি হোৱাৰ লগতে কেৱল ইউনিকোডত অসমীয়া লিপিতে শুদ্ধকৈ লিখি হোৱাটচ্এপ বা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰে৷ E-Mail: asomsangbad@gmail.com, whats App- +91 9859724063 #asomsangbad
Add a comment...
Wait while more posts are being loaded